কলৰ পৰা কলপাতলৈ উপকাৰীতা

কলৰ পৰা কলপাতলৈ উপকাৰীতা
কল এবিধ ভাল ফল , কল খালে আমি তৎক্ষণাত শক্তি আহৰণ কৰিব পাৰো । পকা কল খোৱা হয় ,বিভিন্ন ধৰণৰ dish ত ব্যৱহাৰ হয়। banana shake খাবলৈও ভাল, লগতে পুষ্টিকৰ ।
কলত potassium  vitamin B6 vitamin C fiber থাকে , এইবিলাক শৰীৰ ভালে ৰখাৰ কাৰণে বহুত আৱশ্যক ।পকা কল খোৱাৰ উপৰিও কলৰ গা গছ ডাল পাচলি হিচাপে তৰকাৰী বনাই খোৱা হয়, ইয়াকে পচলা বুলি কয় ।
পচলা হাঁহৰ মাংসৰ লগত ভাজি অসমীয়া সকলে খায়।ল। মাছৰ মাথাৰ লগত ভাজি খোৱা হব আৰু মচুৰ দাইলৰ লগতো  খাবলৈ ভাল। মাটিমাহৰ লগতো খাৰ পচলা খোৱা হয়।
কলডিল হৈছে কলৰ ফুল , কলডিল ও তৰকাৰী বনাই অথবা পকৰি বনাই খাবলৈ বহুত সোৱাদ। ইয়াত বহুত দৰকাৰী  উপাদান থাকে  । আইৰণ ৰ মাত্ৰ ভৰপুৰ থাকে। কেঁচা কলো  বিভিন্ন অঞ্চলত খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। পকা কল খোৱাৰ উপৰিও তাৰপৰা কলৰ গুৰি আদি তৈয়াৰ কৰি preserve কৰি থোৱা হয়। পাচলি হিচাপে ব্যৱহাৰ কৰা কল বিভিন্ন ঠাইত সিজাই,পুৰি বা ভাজি খায়। আমাৰ ইয়াত সাধাৰণতে কাচকল  তৰকাৰী বনাই খোৱা হয় ,কিছু ঠাইত জাহাজী কল কেঁচাতে তৰকাৰী বনাই খোৱা হয়। chips বনাই কেঁচা কল খোৱা হয়।। আজিকালি বাণিজ্যিক দিশটো কলৰ চিপছ সমাদৰ লাভ কৰিছে ।
আজিকালি কলৰ শুকান গুৰি  কেঁচুৱাৰ খাদ্য হিচাপে বজাৰত যথেষ্ট চাহিদা আছে। কলৰ মিঠা গোন্ধৰ বাবে ইয়াক আইছক্ৰিম প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। কলৰ গা-গছৰ ভিতৰ অংশত 1% শৰ্কৰা, 0.68% আঁহযুক্ত খাদ্য আৰু 1% ছাই থাকে। গা-গছ আৰু ভীমকলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা কলাখাৰ বিভিন্ন পাচলি ৰান্ধোতে ব্যৱহাৰ কৰে। কলাখাৰ দিলে খাদ্য সোনকালে সিজি যায় , আৰু কলাখাৰ ৰ এটা নিজস্ব স্বাদ আছে  , যিটো অসমীয়াৰ অতিকৈ প্রিয় ।
সাধাৰণতে সকলো কলৰ ভিতৰত ভীমকলকেই পৰিপুষ্টিৰ ক্ষেত্ৰত সৰ্বোত্তম বুলি ধৰা হয়, কেঁচুৱা ৰ পৰা বৃদ্ধ লৈ সকলোৱে খাব পাৰে। প্ৰেচাব জ্বলা-পোৰা,প্ৰেচাব  ৰঙচুৱা হোৱা আদি ৰোগত ভীমকলৰ শিপাৰ ৰস আটাইতকৈ উত্তম আৰু ফলদায়ক।  ভীমকলৰ পূৰঠ  শিপা দহডালমান খান্দি উলিয়াই,পৰিষ্কাৰকৈ ধুই লৈ সেই শিপা খুন্দি ৰসখিনি উলিয়াব লাগে। প্ৰায় 50 গ্ৰাম ৰস 200   গ্ৰাম কেঁচা গৰুৰ গাখীৰৰ লগত মিহলাই পুৱা খালী পেটত খাব লাগে, তেতিয়া সম্পূৰ্ণ আৰোগ্য হোৱা দেখা যায়, ইয়াৰ  কোনো পাৰ্শ্বক্ৰিয়া নাই  তথাপিও গৰ্ভৱতী মহিলাই ব্যৱহাৰ কৰিব নালাগে।
পকা ভীমকলৰ পৰা গুৰ তৈয়াৰ কৰিব পাৰি । ভীমকলৰ বাহিৰে চেনিকল আৰু জাতিকলৰ পৰাও গুৰ তৈয়াৰ কৰিব পাৰি। ভীমকলৰ গুৰৰ সোৱাদ মিঠা,চেনিকলৰ গুৰৰ সোৱাদ মিঠা-টেঙা আৰু জাতিকলৰ গুৰৰ সোৱাদ অলপ কম হয়। ওজন হিচাপত এক কিল’গ্ৰাম পকা ভীমকলত 150 গ্ৰাম,একে পৰিমাণৰ চেনিকল আৰু জাতিকলৰপৰা  80 গ্ৰাম আৰু 100 গ্ৰাম গুৰ পোৱা যায়। এই গুৰ কুঁহিয়াৰৰ গুৰতকৈ অলপ লেকেটিয়া হয় ।
কল cake বনাবলৈ ও ব্যৱহাৰৰ কৰিব পাৰি ।
পিঠা বনাবলৈ ও বহুতে কল ব্যৱহাৰ কৰে ।
কলপাত ৰো ব্যৱহাৰৰ গোটেই পৃথিৱীৰ বহু দেশত  কৰা হয় বুলি কলেও ভুল নহব । কলপাতত আহাৰ খোৱা হয় । বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ কলপাতত দি ভাপত দিয়া হয় নহলে পোনে পোনে জুইত পুৰিবলৈ ও কলপাতত বান্ধি লোৱা হয় ।
আমাৰ অসমীয়া সমাজত কল গছৰ গা গছৰ পৰাও পাত্ৰ তৈয়াৰ কৰা হয়  খোৱাৰ আহিলা হিচাপে ।
মুঠতে কল গছ বুলিলে সকলো অংশ ব্যৱহাৰ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *