গেছৰ ঘৰুৱা সমাধান

গেছৰ ঘৰুৱা সমাধান
আজিকালি  প্ৰত্যেক ঘৰতে গেছৰ সমস্যা আছে বুলি কলে ভুল নহব । গেছ থকাটো এতিয়া সাধাৰণ সমস্যা হৈ গৈছে । কিন্তু ইয়াক সময়তেই ঠিক নকৰিলে ই বহুত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে , মৃত্যু পৰ্যন্ত হব পাৰে । গেছৰ পৰা কোষ্ঠকাঠিন্য হোৱা দেখা যায় । লিভাৰৰ সমস্যা ও গেছ ৰ পৰা হোৱা দেখা যায়।  বহুসময়ত গাৰ বিষ , কঁকাল বিষ  পেটৰ বিষ হোৱা দেখা যায় , আৰু বহু সমস্যাৰ আদিবিন্দু গেছ ।
  গেছ হব পৰা কাৰণ সমূহ আগতে গম পাই লব লাগে তেতিয়া গেছ নোহোৱাৰ আগতেই প্ৰতিকাৰ কৰিব পাৰি । কেতিয়াও বেছি দেৰিলৈকে ৰাতিপুৱাৰ অহাৰ গ্ৰহণ নকৰাকৈ থাকিব নালাগে , মানে খালি পেটে বেছি সময় থাকিব নালাগে ।
অত্যধিক জ্বলা পুৰা খাদ্য সেৱন কৰিব নালাগে,বেছি মচলাজাতিয়া খাদ্য সেৱন কৰিব নালাগে । ধূমপান-মদ্যপানৰ পৰা বিৰত থাকিব। জাংক ফুড, ফাষ্ট ফুড, চাহ-কফি আদি পাৰ্যমানে এৰাই চলিব লাগে ।

পানী অধিক গ্ৰহণ কৰিব লাগে ।
   এতিয়া আহো যদি গেছ হয় কেনেকৈ কি কৰিলে উপশম পাব পাৰি তাৰ বিষয়ে আলোচনা কৰিম ।
প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া গৰম পানী খাওক। কোষ্ঠ্যকাঠিন্য আৰু এচিডিটিৰ দৰে পেটৰ যি কোনো সমস্যা দূৰ হ’ব।
পেটৰ যিকোনো সমস্যাৰ বাবে আদা এবিধ অতি উপযোগী ঘৰুৱা ঔষধ। আদা চকলিয়াই প্ৰতিদিনে পুৱা ক’লা নিমখৰ লগত খাই থাকিলে এচিডিটি, আভোক কোষ্ঠ্যকাঠিন্যৰ দৰে সমস্যাবোৰ নাইকীয়া হয়।
পদিনা গেছৰ সমস্যাৰ দূৰ কৰাত সহায়ক। পেটত বিষ হ’লে পদিনাৰ চৰবত বা পদিনাৰ ৰস খালে উপকাৰ পোৱা যায়। নেমুৰ ৰস প্ৰতিদিনে নিয়মীয়াকৈ খাই থাকিলে এনেধৰণৰ বিষৰ পৰা উপশম পোৱা যায়।
প্ৰতিদিনে খালী পেটত কুহুমীয়া গৰমপানীত এচামুচ নেমু চেপি সামান্য পৰিমাণে নিমখ দি খালে কোষ্ঠকাঠিন্য দূৰ হয়।
অমিতাত অধিক মাত্ৰাত আঁহ বা ফাইবাৰ থাকে। যদি আপোনাৰ পাচনতন্ত্ৰত গেছ বা কোষ্ঠকাঠিন্য হৈছে তেনেহ’লে মূল আহাৰ খোৱাৰ পিছত প্ৰতিদিনে এফালকৈ পকা অমিতা খাওক।
অমিতা দাইলত দি অথবা তৰকাৰী বনাই খাব পাৰে ।
আজোৱান বা জনীগুটি  পেটত ঔষধৰ কাম কৰে। আহাৰ খোৱাৰ পিছত এচামুচ জনীগুটি চোবাই  খাই পিছত একাপ কুহুমীয়া গৰম পানী খাওক। পেটৰ বিষ নিৰাময় হ’ব।
গ্ৰীণ-টি বনাই দিনতোত দুকাপকৈ খালে পেটত গেছৰ সমস্যা খুব সোনকালে নাইকীয়া হয়।
প্ৰতিদিনে একাপকৈ কুহুমীয়া গৰম গাখীৰ খাওক।
গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ  নাৰিকলৰ পানী খাওক।
চফৰ বহুত ঔষধি গুণ আছে । গেছৰ সমস্যাৰ বাবে চফ গুণকাৰী । অকণমান চফ ভালকৈ ধুই গৰম পানীত উতলিবলৈ দি অলপ ঠাণ্ডা কৰি সেই পানীখিনি খালে  গেছৰ সমস্যাৰ পৰা উপশম পাব পৰি ।
Baking soda আধা চামুচ আধা কাপ পানীত মিহলাই খালেও গেছৰ সমস্যা ৰ পৰা হাত সাৰিব পাৰি ।
কল খালেও গেছৰ পৰা পৰিত্ৰাণ পাব পাৰি । কলৰ লগত গাখীৰ মিশ্ৰিত কৰি খালেও অচিডিটি সৃষ্টি কৰা এচিড পেটত কমি যায় । সেয়েহে মাজে মাজে milk banana shake খাব লাগে ।
লং খালেও অচিডিটি ৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি , সদায়  খাদ্য খোৱাৰ পিছত লং খালেও অচিডিটি নহয় ।
ইলাচি খালেও গেছৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি  ।
কেঁচা হালধি খালেও গেছৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
ঠাণ্ডা গাখীৰ ও ভাল গেছৰ সমস্যাৰ বাবে  ।
লগতে সদায় গেছ সৃষ্টি কাৰী খাদ্য সমূহ খোৱাৰ পৰা বিৰত থাকিব লাগে ।
খাদ্য এবাৰত সৰহ কৈ খোৱাত কৈ কম কম কৈ কেইবাবাৰো খাব লাগে ।
খাদ্য খাই লগে লগে বিছনাত যাব নালাগে । অলপ কাম অথবা খোজ কাঢ়িব লাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *