গৰমৰ দিনত আমাৰ স্কিন ৰ যতন লগতে শৰীৰৰ যতন

গৰমৰ দিনত sunburn হোৱা দেখা যায় ।
স্কিনৰ rash হোৱা , খজটি , কলা পৰা ,ৰঙা পৰা , উজ্বলতা কম হোৱা , স্কিনৰ টেলেটিয়া হোৱা, ঘামচি হোৱা আমি সততে দেখিব পাওঁ ।
এইবিলাক সমস্যাৰ ঘৰুৱা উপায় অৱলম্বন কৰি বহুত সুফল পাৱ পাৰি । তাৰ বাবে পইচা খৰচ কৰিবও নালাগে ।
1গৰমৰ দিনত বাহিৰত ওলাই গলে সদায় ছাতি ব্যৱহাৰ কৰিব লাগে । ছাতি তো অলপ ডাঠ হব লাগে, তেতিয়া হে সূৰ্যৰ আমাৰ স্কিনৰ অনিষ্টকাৰী
Ray বোৰ বাধা দিব পাৰে । মহিলা সকলে সাধাৰণতে ছাতি ৰ ব্যৱহাৰ কৰে। পুৰুষ সকলেও ছাতি নহলে cap টুপী ব্যৱহাৰ কৰিব লাগে ।
2 গৰমৰ দিনত সদায় হাত ভৰি ঢাকা কাপোৰ পৰিধান কৰিব লাগে ।যেতিয়া বাহিৰত ওলাই যায়।
লগতে কাপোৰ সাজ সদায় কপাহী pure cotton হলে ভাল । পোচাক জোৰ বেছি টান হব নালাগে , গৰমত ঢিলা কৈ কাপোৰ পৰিধান কৰিব লাগে নহলে খজটি হোৱাৰ সম্ভাৱনা থাকে।
Scarf ব্যৱহাৰ কৰিব লাগে , আজিকালি mask ব্যৱহাৰৰ বাদ্ধতামূলক , ধূলিৰ পৰা বহুত বেমাৰ হব পাৰে । সেইকাৰণে ধূলি ৰ পৰা বচাব লাগে নিজকে ।
3 sunglass ৰ ব্যবহাৰ কৰিব লাগে ৰদত ওলাই গলে , ই চকুৰ কাৰণেও  ভাল লগতে dark circle হোৱাৰ পৰাও আমাক বচাই। চকুৰ কাষৰ skin টু  বহুত কোমল হয় সেইকাৰণে সোনকালে wrinkle পৰে সেই ঠাইত ।
4 sun screen lotion অথবা moisturizer ৰ ব্যৱহাৰ কৰিব লাগে বাহিৰত ওলাই গলে । sun screen সদায় ওলাই যোৱাৰ 15 মিনিটৰ আগতে লগাব লাগে । তেতিয়াহে ভালদৰে স্কিন ৰ ভিতৰত সোমাই যায় ।
  5 গৰমৰ দিনত আমি পৈজাপ্ত পৰিমানে  পানী খাব লাগে  । পানীয়ে শৰীৰ শিতল কৰি ৰখাত সহায় কৰে । গৰমত যিহেতু  ঘাম হৈ পানী শৰীৰৰ পৰা ওলাই যায় সেয়েহে পানীৰ পৰিমাণ শৰীৰত কমি নাযাবলে পানী বেছিকৈ খাব লাগে ।
নেমু পানী , বেলৰ চৰবত, তেঁতেলী ৰ দৰবৰ , ভীমকলৰ চৰবত আদি ফল ৰ ৰস বেছিকৈ সেৱন কৰিব লাগে । ইয়াৰ পৰা আমাৰ শৰীৰে বল শকতি আৰু শৰীৰ ৰ cell বোৰ active হোৱাত সহায়ক  হয় ।
তিয়ঁহ ৰ প্ৰয়োগ গৰমৰ দিনত অতি জৰুৰী ।।
Salad হিচাপে খোৱাৰ উপৰিও তিয়ঁহ কাটি slice কৰি চকুৰ কাষত লগালে চকুত বহুখিনি আৰাম পোৱা যায় , ঠাণ্ডা অনুভৱ কৰা যায় । তিয়ঁহ পিছি তাৰ ৰস মুখত তথা গোটেই শৰীৰত লগাব পাৰি , ই অতি সহজে মুখৰ লগতে শৰীৰ ৰ সতেজতা ঘূৰাই আনে । ই মুখৰ wrinkle দূৰ কৰাত সহায় কৰে ।
Sun burn দূৰ কৰাত ই বহুত সহায় কৰে ।
নেমু ৰ ৰস খোৱাৰ লগতে মুখত লগালেও অতি সোনকালে ফলাফল দেখা পোৱা যায়।
নেমুৰ এচিড গুণে মুখৰ উজ্জ্বল তা ঘূৰাই অনাত সহায় কৰে ।
নেমুৰ ব্যৱহাৰে গৰমত সৃষ্টি হোৱা গাৰ দুর্গন্ধ দূৰ কৰায় সহায়ক  । এনে ধৰণৰ সমস্যা থাকিলে সদায় গা ধোৱা পিছত নেমু সানিব লাগে কাশলটি অংশত আৰু বেছি ঘাম ঠাইত। ই ঘুন্ধ কোমোৱাত বহুত ফলদায়ী।
ঘাঁমচি  হলে নিম পাত অলপ পিছি গৰম কৰি উতলাই তাত পানী খিনি দি গা ধুব লাগে । অলপ নেমুৰ ৰাস গা ধোঁৱা পানীত মিহলাই ব্যৱহাৰ কৰিলেও সুফল পোৱা যায় ।
ফিটকীৰী এটুকুৰা পানীত অলপ সময় ডুবাই থৈ সেই পানী ব্যৱহাৰ কৰিলেও বহুত খজটি ঘামচি ৰ পৰা পৰিত্ৰাণ পাব পাৰি ।382
মছুৰ দাইল ৰ বঁটা মুখত লগালে অতি সোনকালে উজ্জ্বল তা অহা দেখা যায় । বেচন লগাবও পাৰে ।
বেচনত অলপ গাখীৰ দিব লাগে লগতে অকণমান হালধি আৰু মৌ দিব পাৰে । গাখীৰৰ ব্যৱহাৰে স্কিন কোমল কৰাত সহায় কৰে । অত্যধিক টেলেটিয়া স্কিন হলে গাখীৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে ।  মৌ ৰ ব্যৱহাৰৰ ফলত skin কোমল আৰু মিহি হয় । হালধীৰ ব্যৱহাৰৰ ফলত skin ৰ উজ্জ্বলতা বঢ়াৰ লগতে ই antibiotic ৰ কামো কৰে ।
মুখত কল ৰ pack লগালেও বহুত সুফল দেখিব পোৱা যায় । ই মুখৰ কলা দাগ আঁতৰ কৰাত সহায় কৰে ।
কলৰ বাকলি ও ব্যৱহাৰ কৰিব পাৰি মুখত আৰু হাত ভৰিত । ই দাগ দূৰ কৰাত সহায় কৰে ।
গৰমৰ দিনত কম মছলা দিয়া অহাৰ গ্ৰহন কৰিব লাগে । মছলা জাতীয় আহাৰ গ্ৰহণ কৰিলে লিভাৰ পেটৰ সমস্যা দেখিব পোৱা যায়। সেয়েহে গৰমৰ দিনত পাতল আহাৰ গ্ৰহণ কৰিব লাগে । মাছ মাংস কমকৈ খাব লাগে । বেছিকৈ সেউজীয়া শাক পাচলি খাব লাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *