জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।।।
     আমাৰ সকলোৰে ঘৰত দেখিবলৈ পোৱা এবিধ প্ৰাণী হল জেঠী।  জেঠী এবিধ উপকাৰী প্ৰাণী বুলিয়ে কব পাৰি , কাৰণ ই অনিষ্টকাৰী পোক পৰুৱা খাই আমাক সহায় কৰে , তথাপিও কিছুমান সময়ত জেঠীৰ পৰিমাণ বাঢ়ি যায় আৰু আমাক অনিষ্ট কৰে , যতে ততে বিষ্ঠা পেলাই আমাক বিপদত পেলাই । কেতিয়াবা খোৱা খাদ্যৰ ওপৰতে বিষ্ঠা পেলাই , জেঠীৰ বিষ্ঠা এবিধ বিষ (poison)
কেতিয়াবা কেতিয়াবা তো খোৱা খাদ্যৰ ওপৰত পৰি জেঠিও মৰে, যদিহে সেই খাদ্য গম নোপোৱাকৈ খোৱা হয় , সেইয়া ও বহুত গুৰুতৰ বদহজম হয়  লগতে বিষক্রিয়া হোৱা দেখা যায় ।
জেঠীয়ে ঘৰৰ আচবাব সমূহৰ ওপৰত হাগী মুটি লেতেৰা কৰে । সেইকাৰণে ও সকলোৱে জেঠী ঘৰৰ ভিতৰৰ পৰা উলিয়াব বিচাৰে । আজি আমি সেই বিষয়ে আলোচনা কৰিম ।
      কণীৰ বাকলি ৰ গোন্ধতো কাঢ়া হয় , বেয়াও হয় , সেই গোন্ধতো জেঠীয়ে সহ্য কৰিব নোৱাৰে আৰু বেয়া পায় । লগতে নিজতকৈ ডাঙৰ প্ৰাণী আছে বুলি ভয় খাই পলাই যায় । সেইকাৰণে জেঠী ঘূৰি ফুৰে পাকঘৰৰ cupboard shelves ত আলমাৰী ৰ ওপৰত থব লাগে । তেতিয়া সেইবোৰ ঠাইত জেঠী নাথাকে ।
   নেপথেলিন ৰ গুটি জেঠী অহা যোৱা কৰা ঠাইত আৰু পাকঘৰৰ cupboard shelves এটা দুটা থৈ দিব লাগে । নেপথেলিন ৰ উৎকট গোন্ধে জেঠী পলুৱাই পঠাই ।
  কফি আৰু ধপাত ৰ গুৰি মিহলি কৰি বল বনাই ঘৰৰ প্ৰতিটো কোণত পেলাই থব লাগে  ।  কফি আৰু ধঁপাত ৰ গোন্ধ জেঠীয়ে বেয়া পায় এনে কৰিলে জেঠী দূৰলৈ পলাই যাই  ।
   জলকীয়াৰ গুৰি  পানীৰ লগত মিহলাই spray বটলত সুমুৱাই জেঠী চলা ফুৰা কৰা ঠাইত দিলেও জেঠী নাহে , পলাই দূৰলৈ আঁতৰি যায় ।
জলকীযাৰ গোন্ধও জেঠীয়ে সহ্য কৰিব নোৱাৰে ।

   ঠাণ্ডা পানী ৰ দ্বাৰা ও জেঠী খেদিব পাৰি ।
জেঠীয়ে গৰম ভাল পাই , সেয়েহে জেঠী গৰম অঞ্চল ত হে পোৱা যায় । ঠাণ্ডা পানী জেঠিৰ ওপৰত ছটিয়াই দিলে জেঠি পলাই আঁতৰি যায় ।
    ধঁপাত ৰ গুৰি কৰি পানীৰ লগত মিহলাই জেঠীৰ চলা ফুৰা কৰা ঠাইত spray কৰিলে জেঠী পলাই ।

4 thoughts on “জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।”

Leave a Comment

Your email address will not be published. Required fields are marked *