পৰুৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰে নেকি

পৰুৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰে নেকি, যদি বিচাৰে জানো আহক কেনেকৈ ।। বাৰিষা সময়ত পৰুৱাই আমাক বহুত অশান্তি দিয়ে, খোৱা বস্তু , বিস্কুইট, মিঠাবস্তু ,আনকি আমাৰ কাপোৰ কানি বিছনা ত উঠে আৰু বহু সময়ত বহুত অসুবিধাৰ সৃষ্টি কৰে । আজি আমি কিছুমান ঘৰুৱা উপায় আলোচনা কৰিম পৰুৱা আঁতৰ কৰাৰ ।
চক পেঞ্চিল  ত কেলচিয়াম কাৰ্বনেট থাকে , আৰু কেলচিয়াম কাৰ্বনেট ৰ দ্বাৰা পৰুৱা আঁতৰ কৰিব পাৰি। চকৰে পৰুৱা থকা ঠাইত আক বাক মাৰি থব নহলে অকল চকৰ গুৰি অলপ পৰুৱা থকা ঠাইত ছটিয়াই থব লাগে তেতিয়াও পৰুৱা নাহে ।
নেমুৰ গোন্ধ পৰুৱাই বেয়া পায় ।সেয়ে পৰুৱা অহা ঠাইত নেমুৰ ৰস থব লাগে ।নহলে নেমুৰ বাকলি থৈ দিব লাগে । পাকঘৰত নেমুৰ বাকলি ৰাখিব লাগে ।
হালধি গোন্ধ ও পৰুৱাই বেয়া পায় । সেয়ে পৰুৱা আহিব পৰা বাট বোৰত অলপ অলপ হালধি গুৰি চেতিয়াব লাগে ।
সদায় খোৱা পিছত টেবুল চকী মোহাৰি থব লাগে ।বাচন বর্তন বোৰ লগে লগে ধুই থব লাগে। মিঠা বস্তু খালে লগে লগে খোৱা ঠাই খিনি ঝাড়ু মাৰিব লাগে ।
কেৰাচিন তেল দিলেও পৰুৱা নাহে। কেৰাচিন তেল ঘৰ মোহৰা পানীত অলপ দি লব লাগে । ঘৰৰ চুক বোৰত অলপ অলপ কেৰাচিন চেতিয়াব লাগে , তেনে কৰিলেও পৰুৱা কমে ।
গৰম পানী দিলে পৰুৱা আঁতৰি যায়। পৰুৱা থকা গাঁতত বা বিন্ধাত গৰম পানী দিলে পৰুৱা আঁতৰি যায় ।   ভিনেগাৰ দিলে পৰুৱা নাইকিয়া হয় । অলপ পানীত ভিনেগাৰ মিহলাই লৈ ঘৰৰ মজিয়া , dining table , kitchen shelve মোহাৰিব লাগে , তেতিয়া পৰুৱা কমে ।  বৰিক পাউদাৰ পৰুৱা হোৱা ঠাইত ছটিয়াই দিলেও পৰুৱা কমে ।   নীম তেল ছটিয়াই  দিলে ও পৰুৱা বহুখিনি  কমে ।

Leave a Comment

Your email address will not be published. Required fields are marked *