মেদবহুলতা কমোৱা ৰ ঘৰুৱা কিছুমান সহজ উপায়।

আজিকালি  সততে শুনিবলৈ পোৱা এটা শব্দ মেদবহুলতা ।এই মেদবহুলতা আমি ঘৰতে কিছুমান সহজ উপায়েৰে কমাব পাৰো।
আজি আমি এই বিষয়ে অলপ ঘৰুৱা দিহা আগবঢ়াম।
1 ৰাতিপুৱা প্ৰায় আধা ঘন্টা খোজ কাঢ়া আৰম্ভ কৰক আপুনি নিজেই দেখিব আপুনি দিনটোৰ বাবে সতেজ অনুভৱ কৰিব, দুৰ্বলতা এলাহ ভাব আঁতৰ হব,লগতে আপোনাৰ ওজন ও কমিব লাহে লাহে।খোজ কাহোঁতে সদায় প্ৰথমে লাহে লাহে আৰম্ভ কৰি,পিছত খৰকৈ কাঢ়িব লাগে ।আৰু পৰা পক্ষ ত খোজ কাহোঁতে জোতা পিন্ধিব লাগে।
খোজ কঢ়াৰ আগত সদায় পানী খাব লাগে
আৰু খোজ কঢ়াৰ পিছতো পানী খাব লাগে।

2 পানীৰ সেৱন কৰিও ওজন কমাব পাৰি,
আমি সকলোৱে জানো পানী আমাৰ জীয়াই থাকিবলে কিমান প্ৰয়োজন।পানী নহলে আমি জীয়াই থাকিব নোৱাৰো।পানীয়ে দেহৰ বৰ্জ পদাৰ্থ সমূহ বাহিৰ কৰাত সহায় কৰে।
আমাৰ দেহৰ 70% পানীৰে ভৰি থাকে। অতিৰিক্ত পানী সেৱনে দেহৰ চৰ্বি কমোৱাত সহায় কৰে।
সেয়ে যিমান পাৰে সিমান পানী সেৱন কৰিব লাগে। অতিৰিক্ত পানী সেৱণৰ ফলত আমাৰ ছাল লিভাৰ গেছৰ সমস্যা আদিও বহুখিনি ভাল হয়।
কেতিয়াও বৰফ ঠাণ্ডা পানী খাব  নালাগে । পাৰিলে কুহুমীয়া পানী খাব লাগে।

3 গ্ৰীণ টি সেৱনৰ ফলত যে মেদবহুলতা কমে আমি প্ৰায় সকলোৱে জানো । কিন্তু গ্ৰীণ টি খুৱাৰ বিধি সমূহ শুদ্ধ হব লাগে । গ্ৰীণ টি ত কেতিয়াও চেনী দিব নালাগে। একেবাৰে উতলা পানীও ব্যৱহাৰ কৰিব নালাগে । ৰাতিপুৱা খালি পেটত খাব লাগে তেতিয়া বেছি ফল দিয়া দেখা যায়।

4 চেনী ৰ ব্যৱহাৰ কম কৰা । চেনী তথা চেনী দিয়া সামগ্ৰী বৰ্জন কৰিলে মেদবহুলতা অতি সোনকালে ফল পোৱা দেখা যায় । চেনি আৰু মিঠাই এইবিলাক এনেও আমাৰ দেহৰ বাবে অনিষ্টকাৰী।
চেনি ৰ ঠাইত মৌ নহলে গুৰ ব্যৱহাৰ কৰিব পাৰে।

5 ময়দা জাতীয় সামগ্ৰী বৰ্জন কৰিলেও মেদবহুলতা ৰ পৰা সোনকালে পৰিত্ৰাণ পাব পাৰি।
ময়দা ৰে তৈয়াৰ বিস্কুত কেক আদিবোৰ খোৱা কমাব লাগে ।
6 fastfood ৰেষ্টুৰেণ্ট ত পোৱা nuddles, fried rice ,chow আদি বোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এইবিলাক খাদ্যত বহুত পৰিমানে তেল ব্যৱহাৰ কৰে । এইবিলাক খোৱাতকৈ ঘৰুৱা আহাৰ বহুত শ্ৰেষ্ঠ।
7 মিঠা জাতীয় শীতল পনিয় খোৱাৰ পৰা বিৰত থাকিব লাগে । এইবিলাক মেদবহুলতা হোৱাত বহুত অৰিহণা যোগায় । এনেও এইবিলাক শৰীৰৰ বাবে অপকাৰী।
8 নেহৰুৰ সেৱন কৰিও শৰীৰৰ চৰ্বি কমাব পাৰি।
আমাৰ সাধাৰণতে সকলো তৰকাৰীতে নহৰু ব্যৱহাৰ কৰা হয়। নহৰু খালে high blood pressure নিয়ন্ত্ৰণত থাকে। শৰীৰৰ বৰ্জ পদ্ধাৰ্থ
ওলাই যোৱাত সহায় কৰে।
নহৰু anibiotic হিচাবে ব্যৱহাৰ হয়।
কেঁচা নহৰু ৰাতিপুৱা খাব লাগে ,  ই মেদবহুলতা কমোৱাত সহায় কৰে।
9 দৈৰ সেৱন আমাৰ শৰীৰৰ বাবে  বহুত বহুত উপকাৰী। দৈৰ সেৱনে শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে । দৈ পেটৰ বাবেও উপকাৰী।
দৈয়ে খাদ্য হজম হোৱা ত সহায় কৰে। সেয়েহে প্ৰতিদিনে খাদ্যৰ লগত দৈ খাব লাগে।
10 মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে ।মদ্যপান কৰিলে শৰীৰত চৰ্বি গোট খাই আৰু মেদবহুলতা ত অৰিহনা যোগায়।
11 জীৰা সেৱনে মেদবহুলতা কমোৱাত অৰিহণা যোগায় ।
কুহুমীয়া গৰম পানীত জীৰা মিহলাই সেৱন কৰিলে  বহুখিনি মেদবহুলতা কমে।
এনেও জীৰা শৰীৰৰ বাবে উপকাৰী।
12 ঘৰত বনোৱা খাদ্য সমূহতো তেলৰ পৰিমাণ কম কৰি ব্যৱহাৰ কৰিব লাগে।
তেল ঘিউ মাখন ৰ ব্যৱহাৰ কম পৰিমাণে কৰি খাদ্য ৰান্ধিব লাগে।
13 শাক পাচলি অধিক সেৱন আৰু মাছ মাংস ৰ সেৱন কম কৰিব লাগে। মাছ মাংস কণী ৰ অধিক সেৱনে মেদবহুলতা বঢ়াই।
শাক পাচলিৰ সেৱনে মেদবহুলতা বহুখিনি কমায়।
সেয়েহে সতেজ শাক পাছলি খাব লাগে।
14 ৰাতিপুৱা খালি পেটত সদায় কুহুমীয়া গৰম পানীৰ লগত নেমু এক ফাল চেপি তাত অলপ মৌ মিহলাই সেৱন কৰিলে বহুখিনি মেদবহুলতা কমাব পাৰি।
15 ব্যায়াম কৰিলে বহুখিনি মেদবহুলতা ৰ পৰা হাত সাৰিব পাৰি। ব্যায়াম কৰিলে দেহ মন সতেজ থাকে, ৰক্ত চলাচল ভালে থাকে, আৰু আমাৰ বোমাৰ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ।
ব্যায়াম দৈনীক কৰিব লাগে । খোজ কঢ়া  চাইকেল চলোৱা , জাপ মৰা আদি অতি সহজ ব্যায়াম।
আজিকালি gym ত গৈ ব্যায়াম কৰিব পাৰি।
You tube ৰ পৰা শিকিব পাৰি।
Yuga আমাৰ শৰীৰৰ বাবে উপকাৰী।
শৰীৰতো সুস্থ ৰাখিবলৈ যুগ বা yuga অতিকৈ প্ৰয়োজন। yuga ই শৰীৰ মন সুস্থ ৰাখে। শৰীৰৰ ওজন কোমোৱাটো বহুত অৰিহণা যোগায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *