lockdown ত ঘৰতে কৰিব পৰা কাম

এতিয়া lockdown ত ঘৰতে এনেই থকাত কৈ কৰিব পৰা কেইটামান কামৰ বিষয়ে আজি আলোচনা কৰিম । এই post টু কেৱল কৰ্মৰ প্ৰতি আগ্ৰহী সকলৰ বাবেহে ।      এতিয়া আমি সকলোৱে ঘৰতে থাকি আমনি অনুভৱ কৰিছো , সকলো লোকৰে মাজত অতি কৰ্মসূলভ মন নিহিত হৈ থাকে কিন্তু নিজৰ কতৱ্য ৰ বাবে এই  কামখিনি কৰিব নোৱাৰে অথবা  কর্ম ৰ বাবে ভাগৰলগাত কৰিব নোৱাৰে  । এতিয়া সকলো ঘৰতে আছে কি কৰোঁ কি নকৰোঁ লাগি থাকে ।আজি কিছুমান মনলৈ অহা কামৰ বিষয়ে আলোচনা কৰিম ।

1 মহিলা সকলে বোৱা কটা জনা সকলে ঘৰতে কাপোৰ বব পাৰে নিজৰ বাবেও লগতে ব্যৱসায়িক ভাৱেও  কৰিব পাৰে । 

2 চিলাই cutting অলপ জানিলে আৰু অলপ ইন্টাৰনেটৰ সহায় লৈ নিজে কিছুমান ভাল লগা বস্তু চিলাই লব পাৰে । এনেই আজিকালি চিলাব হলে বহুত দাম ভৰিব লাগে । আৰু যদি একেবাৰে নজনা সকলে ঘৰৰ ওচৰৰ জনা সকলৰ পৰা এইখিনি সময়ত শিকি লব পাৰে । তেতিয়া সময়ৰ সদব্যৱহাৰ ও হল লগতে আমনি দায়ক বন্ধৰ সময় খিনি ভালদৰে পাৰ ও হব ।

3 পুৰুষ সকলে শাক পাচলি সৰুকে হলেও কৰিব পাৰে যদি ঘৰৰ মাটি থাকে । ফুলৰ বাগিছা আদিয়ে ধুনীয়াকৈ সজাই লবও পাৰে । আৰু আজিকালি বাগিছা বনাই দিয়াৰ কাম ও পোৱা যায় । ঘৰতে সৰুকৈ অলপ পুলি নিজে জিৰণ দি অথবা পুলি গজাই বিক্ৰী ও কৰিব পাৰি ।উন্নত জাতৰ নেমু , তামোল ,বিভিন্ন ফলৰ পুলি ও ৰোপন কৰি যথেষ্ট কম সময়ৰ ভিতৰত অধিক  মুনাফা লাভ কৰিব পাৰি ।

4 ঘৰৰ পুৰণা হৈ যোৱা যিকোনো আচবাব নতুন কৈ ৰং কাপোৰ মেৰিয়াই আকৌ নতুন যেন কৰিব পাৰি । এনেবোৰ কামে আপোনাক মানসিক আনন্দ দিব । এনেকুৱা এটা সময়ত মানসিক আনন্দ অতিকৈ প্ৰয়োজন ।

5 যিকোনো ব্যৱহাৰৰ নোহোৱা বটল পুৰণা বাচন বৰ্তন আদি বোৰ নতুন চিন্তাৰে আকৌ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি নহলে সজোৱা বস্তু হিচাবেও ব্যৱহাৰ কৰিব পাৰি ।

6 নিজৰ ঘৰৰ  ভিতৰতে থকা বস্তুবোৰ ইফাল সিফাল কৰিও ঘৰটোৰ নতুনত্ব অলপ হলেও আনিব পাৰি , এইবিলাক কৰিও সময়ৰ সদব্যৱহাৰ কৰিব পাৰি ।

7 বিভিন্ন ধৰণৰ আচাৰ , বতৰৰ ফল ব্যৱহাৰ কৰি বনাই থৈ গোটেই বছৰ খাব পাৰি । নিজে খোৱাৰ লগতে আপুনি ব্যৱসায়িক ভিত্তিত ও কৰিব পাৰে , দূৰত নহলেও ওপৰৰ দোকান সমূহত যোগান ধৰিব পাৰে ।

8 জাম জেলী ও বনাব পাৰে ।

9 আৰ্ট কৰিব জনা সকলে আৰ্ট কৰিব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *